১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ'ব UPIৰ লেনদেন; ২ হাজাৰৰ ওপৰত অধিক লেনদেন কৰিলে ভৰিব লাগিব PPI মাচুল
অনলাইন লেনদেন কৰা লোকসকললৈ এক দুঃখবৰ। ভাৰতীয় ৰাষ্ট্ৰীয় পৰিশোধ নিগমে UPIত PPI মাচুল প্রয়োগৰ পৰামৰ্শ দিছে। অহা ১ এপ্ৰিলৰ পৰা অনলাইন পেমেণ্ট এপ UPI (ইউনিফাইড পেমেণ্টছ ইণ্টাৰফেচ) লেনদেনত ১.১ শতাংশলৈকে বিনিময় মাচুল প্ৰযোজ্য হ’ব। এক বিজ্ঞপ্তিযোগে NPCIএ কয় যে UPIৰ জৰিয়তে লেনদেনৰ বাবে প্ৰিপেইড পেমেণ্ট ইনষ্ট্ৰুমেণ্ট (PPI) ব্যৱহাৰ কৰিলে এক বিনিময় মাচুল পৰিশোধ কৰিব লাগিব। এতিয়াৰে পৰা লেনদেন ২০০০ টকাৰ অধিক হ’লে মাচুল আৰোপ কৰা হ’ব। এই পদক্ষেপৰ উদ্দেশ্যই বেংক আৰু পৰিশোধ সেৱা প্ৰদানকাৰীসকলৰ বাবে ৰাজহ বৃদ্ধি কৰিব, যিসকলে UPI লেনদেনৰ উচ্চ ব্যয়ৰ সৈতে জড়িত আছে।
উল্লেখ্য যে, বিভিন্ন শ্ৰেণীৰ ব্যৱসায়ীসকলৰ বাবে বিনিময় মাচুল পৃথক হ’ব। ই ০.৫ শতাংশৰ পৰা ১.১ শতাংশলৈকে হ’ব আৰু কিছুমান শ্ৰেণীত এটা সীমাও প্ৰযোজ্য হ’ব।
NPCIএ আজি জাৰি কৰা এক জাননীত কয় যে, প্ৰৱৰ্তন কৰা মাচুল কেৱল প্ৰিপেইড পৰিশোধ সঁজুলিৰ (PPI) জৰিয়তে কৰা ব্যৱসায়িক লেনদেনৰ বাবেহে প্ৰযোজ্য হ’ব। পৰিশোধ সংস্থাটোৱে স্পষ্ট কৰি দিয়ে যে সাধাৰণ UPI পৰিশোধৰ ওপৰত কোনো মাচুল আৰোপ কৰা নহ'ব আৰু ইয়াক ‘‘বেংক একাউণ্ট-টু-বেংক একাউণ্ট আধাৰিত UPI পৰিশোধ’’ বুলি অভিহিত কৰিছে।
CNBC TV18ৰ এক প্ৰতিবেদন অনুসৰি, টেলিকম, শিক্ষা, আৰু ইউটিলিটি/ডাকঘৰৰ বাবে, বিনিময় মাচুল হৈছে ০.৭ শতাংশ। আনহাতে, চুপাৰমাৰ্কেটৰ বাবে লেনদেন মূল্যৰ ০.৯ শতাংশ মাচুল; বীমা, চৰকাৰ, মিউচুৱেল ফাণ্ড আৰু ৰে’লৱেৰ বাবে ১ শতাংশ মাচুল, ইন্ধনৰ বাবে ০.৫ শতাংশ মাচুল আৰু কৃষিৰ বাবে ০.৭ শতাংশ মাচুল আৰোপ কৰা হ’ব।
পিয়েৰ-টু-পিয়াৰ (P2P) আৰু পিয়েৰ-টু-পিয়াৰ-মাৰ্চেণ্ট (P2PM) লেনদেনৰ ক্ষেত্ৰত বিনিময় প্ৰয়োগ কৰা নহ’ব। PPP জাৰীকৰ্তাসকলে ২০০০ টকাৰ অধিক লেনদেনৰ বাবে ৱালেট-লোডিং মাচুল হিচাপে ৰেমিটাৰ বেংকক ১৫ বেছিছ পইণ্ট (bps) পৰিশোধ কৰিব লাগিব।
জানিব পৰা মতে, মূল্য নিৰ্ধাৰণটো NPCIৰ দ্বাৰা ৩০ ছেপ্টেম্বৰ, ২০২৩ তাৰিখে বা তাৰ আগতে পুনৰীক্ষণ কৰা হ'ব।
Comments
Post a Comment